আমাৰ বিষয়ে

জ্ঞানস্ৰোত প্ৰণালীবদ্ধ শিক্ষা পদ্ধতিৰ এনে এখন মঞ্চ যি সকলো ছাত্ৰ-ছাত্ৰীৰ ওচৰলৈ সূলভ মূল্যত উৎকৃষ্ট মানদণ্ডৰ শিক্ষা লৈ যোৱাৰ বাবে বদ্ধপৰিকৰ হোৱাৰ লগতে সকলোকে জ্ঞানোদীপ্ত কৰি তোলাৰ প্ৰয়াস কৰে।

সফলতা এতিয়া দিঠকত!

এটা প্ৰসিদ্ধ কথন হৈছে "শিক্ষা হৈছে ভৱিষ্যতলৈ যোৱাৰ পাৰ-পত্ৰ, যিহেতু কালিলৈৰ দিনটো সেইসকলৰ হয় যিসকলে তাৰ বাবে আজিয়েই প্ৰস্তুতি চলায় আৰু তাৰ যোগ্য হয়"। সেইবাবেই ভাৰতবৰ্ষৰ দৰে এখন আশাবাদী দেশ, যি বিশ্বব্যাপী নেতৃত্ব বহন কৰাৰ দিশত অগ্ৰসৰ হৈছে আৰু যাৰ প্ৰায় ৪১% জনসংখ্যা ১৮ বছৰৰ অনুৰ্ধ, এনে এখন দেশত শিক্ষাই দেশখনৰ নৈতিক, সাংস্কৃতিক আৰু সুদৃঢ় ভৱিষ্যতৰ ক্ষেত্ৰত গুৰুত্বপুৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

জ্ঞানস্ৰোত হৈছে +২ স্তৰ পৰ্য্যন্ত শিক্ষাৰ্থী সকলৰ কাৰণে ডিজিটেল শিক্ষাৰ এটি অনন্য প্লেটফৰ্ম। তিনিটা ভিন্ন ভাষাৰ ২.৪ লাখ ছাত্ৰ-ছাত্ৰীক সেৱা কৰাৰ অনন্য অভিজ্ঞতা থকা এটি দলে জ্ঞানস্ৰোত তৈয়াৰ কৰিছে। জ্ঞানস্ৰোত অনলাইন অফলাইন দুয়োটা পদ্ধতিতে উপলব্ধ। জ্ঞানস্ৰোতে ১৪খন শিক্ষা-বৰ্ডৰ ৯টা ভাষাত ২৩খন ৰাজ্যৰ ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি লয়।

জ্ঞানস্ৰোতেই কিয়?

জ্ঞানস্ৰোত সমগ্ৰ দেশৰ স্থান, ভাষা আৰু আৰ্থিক অৱস্থাৰ নিৰ্বশেষে সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে প্ৰস্তুত কৰা হৈছে। জ্ঞানস্ৰোতৰ পৰিসৰ কেৱল ইংৰাজী মাধ্যমত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতেই সীমাবদ্ধ নহয়। জ্ঞানস্ৰোতই সম্পূৰ্ণ স্কুল পাঠ্যক্ৰম প্ৰণালীবদ্ধভাবে আপোনালোকৰ নিজৰ মাতৃভাষাত অত্যাধুনিক শিক্ষাদান পদ্ধতিৰ জৰিয়তে প্ৰদান কৰাৰ প্ৰয়াস কৰিছে। গতিকে জ্ঞানস্ৰোত কেৱল এখন নিৰ্দিষ্ট শিক্ষা পৰিষদৰ বাবে নহয়, ই সকলোৰে বাবে। সৰ্বমুঠ ৯ টা ভাষাত ১৪ খন শিক্ষা পৰিষদক বৰ্তমানলৈকে সাঙুৰি লোৱা হৈছে আৰু আমি ইয়াত কেৱল আমাৰ প্ৰথম পৰ্য্যয়ৰ বিষয়ে উল্লেখ কৰিছোঁ য’ত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পাঠ্যক্ৰম সমূহ অন্তৰ্ভূক্ত হৈছে। জ্ঞানস্ৰোতৰ পাঠ্যক্ৰমত এনিমেচন আৰু গ্ৰাফিকচৰ জৰিয়তে উপস্থাপন কৰা বিষয়জ্ঞানে ছাত্ৰ-ছাত্ৰীসকলক বিষয়সমূহ সূচাৰুৰূপে বুজি পোৱাত সহায় কৰিব। পাঠদানৰ ভিডিঅ’ সমূহত বাস্তৱ জীৱনৰ বিভিন্ন উদাহৰণ সন্নিৱিষ্ট কৰা হৈছে। এনিমেচনবোৰে ছাত্ৰ-ছাত্ৰীসকলক বিষয়জ্ঞান সমূহ বাস্তৱ জীৱনৰ লগত ৰিজাই চাবলৈ সহায় কৰিব।

গতিকে, জ্ঞানস্ৰোত হৈছে ছাত্ৰ-ছাত্ৰীসকলে জীৱনত উৎকৰ্ষ সাধন কৰাৰ এক উৎকৃষ্ট আহিলা। ই হৈছে ভাৰতবৰ্ষৰ দৰে এখন বিবিধতাৰে ভৰা দেশখনত সকলোৰে বাবে এখন উমৈহতীয়া মঞ্চ।


শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সু-সম্পৰ্ক থকা স্বত্বেও বহুসময়ত ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীৰ পাঠদানসমূহ এবাৰতে বুজি পাবলৈ সক্ষম নহয় আৰু বহুসংখ্যকে নিজৰ অসুবিধাবোৰ বা আউলবোৰ নিসংকোচে প্ৰকাশ কৰিব নোৱাৰে বা লজ্জাবোধ কৰে। কাৰণ বহুতো হ’ব পাৰে, কিন্তু এই আলোচনা আমাৰ পৰিসৰৰ ভিতৰত নপৰে। জ্ঞানস্ৰোতই উচ্চ মানদণ্ডৰ শিক্ষকসকলৰ জৰিয়তে সমগ্ৰ পাঠ্যক্ৰম যুগুত কৰাই এই পৰিব্যাপ্ত সমস্যাটো অতিক্ৰম কৰিছে। জ্ঞানস্ৰোতত আপোনালোকে এজন শিক্ষকৰ পৰা যিমান বিচাৰি সিমানবাৰ শিকিব পাৰে, পাঠদান গ্ৰহণ কৰিব পাৰে। ভিডিঅ’বোৰ বাৰে বাৰে চাই নুবুজা কথাবোৰ শিকি ল’ব পাৰে আৰু শিক্ষকসকলে এই ক্ষেত্ৰত আপত্তি নকৰে। তাৰোপৰি, পৰীক্ষাৰ আগত ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় ৬ বা ৮ মাহ আগতে পোৱা শ্ৰেণীৰ পাঠদানসমূহ স্মৰণ কৰিব নোৱাৰে। আৰু বহুসময়ত শ্ৰেণীকোঠাৰ পাঠদানত শিক্ষকসকলৰ পক্ষে পাঠ্যক্ৰমসমূহ পুনৰীক্ষণ কৰাটো সম্ভৱ নহয়। এনেধৰণৰ পৰিস্থিতিত জ্ঞানস্ৰোতৰ শিক্ষকসকল সদায়েই উপস্থিত আৰু অতিৰিক্ত খৰচৰ প্ৰয়োজন নহয়। ছাত্ৰ-ছাত্ৰীসকলে অফলাইন ম’ডত ভিডিঅ’বোৰ বাৰে বাৰে চাব পাৰিব আৰু নিজৰ স্মৃতি আৰু জ্ঞান সজীৱ কৰিব পাৰিব। ইয়াৰ বাবে অতিৰিক্ত ইন্টাৰনেট সংযোগ আৰু খৰচৰ প্ৰয়োজন নহয়।

আমি বহুসংখ্যক শিক্ষা পৰিষদ অন্তৰ্ভুক্ত কৰিছোঁ, বহুতো মাতৃভাষাৰ মাধ্যমত শিক্ষাদানৰ ব্যৱস্থা কৰিছোঁ আৰু আমি বহুতো পাঠ্যক্ৰমৰ বিষয়বস্তু অন্তৰ্ভূক্ত কৰিছোঁ। আমি আটাইতকৈ বৈচিত্ৰৰে ভৰা। আমি জ্ঞানস্ৰোত।

জ্ঞান বনাম বিদ্যালয়

আপুনি এইটো প্ৰশ্নৰ উত্তৰ ভাবি চাওক।

জ্ঞান আৰু পৰীক্ষাত অধিক নম্বৰ পোৱাটো, এই দুটাৰ ভিতৰত কাক আপুনি প্ৰাধান্য দিব?

এই প্ৰশ্নই আপোনাক ভাৰতীয় শিক্ষা ব্যৱস্থাৰ জটিলতাক গভীৰভাৱে বিশ্লেষণ কৰিবলৈ বাধ্য কৰায়। কাৰণ শুনিবলৈ অভিযোগ যেন লাগিলেও এইটো সত্য যে ছাত্ৰ-ছাত্ৰীসকল এনে এটা শিক্ষা ব্যৱস্থাত লালিত পালিত হৈ আগবাঢ়ে য’ত তেওঁলোকে তেওঁলোকৰ জ্ঞানৰ পৰিসৰ প্ৰমাণ কৰিবলৈ পৰীক্ষাত বহিব লগা হয়। গতিকে ছাত্ৰ-ছাত্ৰী সকলে কেৱল পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰাটোৱেই নহয়, বৰঞ্চ পৰীক্ষাত সুফল দেখুওৱাটোও অতিকৈয়ে প্ৰয়োজনীয় কথা।

এই প্ৰয়োজনীয়তাৰ আঁত ধৰি, জ্ঞানস্ৰোতাৰ গৱেষণামূলক আৰু বিকাশমুখী প্ৰচেষ্টাই জ্ঞানমুখী আৰু পৰীক্ষাকেন্দ্ৰিক এই দুয়োটা অধ্যয়ণশৈলীকে সুচাৰুৰূপে ঐক্যবদ্ধ কৰে। এইটো হৈছে আটাইতকৈ সু-শৃংখলাবদ্ধ পদক্ষেপ য’ত জ্ঞান আৰু পৰীক্ষা, এই দুটাৰ ভিতৰত এটাক আনটোতকৈ অগ্ৰাধিকাৰ দিয়াৰ ভূল পদক্ষেপটো এৰাই চলা হয়। জ্ঞানস্ৰোতে পৰম গৌৰৱেৰে দাবী কৰে যে তেওঁলোকে জ্ঞান আৰু পৰীক্ষাৰ এই সমতা তথা সু-সমন্বয় অৰ্জন কৰিছে যাতে ছাত্ৰ-ছাত্ৰী সকলে নিয়মীয়া অধ্যয়ণৰ জৰিয়তে সৰ্ব্বোচ্চ জ্ঞান আৰু দক্ষতা উভয়কে অৰ্জন কৰিব পাৰে।

কিন্তু কেনেকৈ?

জ্ঞানস্ৰোতে বিদ্যালয়সমূহৰ গতানুগতিক পাঠ্যক্ৰমৰ/পাঠ্যতালিকাৰ এনেভাৱে অনুসৰণ কৰে যাতে অপ্ৰয়োজনীয় অথবা অপ্ৰাসংগিক বিষয়বস্তুবোৰ এৰাই চলি কেৱল প্ৰয়োজনীয় আৰু প্ৰাসংগিক বিষয়বস্তুসমূহ আলোচনা কৰিব পৰা যায় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সময় অপব্যয় নহয়। একেসময়তে জ্ঞানস্ৰোতে এইটোও সুনিশ্চিত কৰে যে ছাত্ৰ-ছাত্ৰীসকলক যাতে প্ৰতিটো প্ৰয়োজনীয় বিষয়বস্তুৰ সঠিক আৰু নিখুত ব্যাখ্যা আগবঢ়োৱা হয় আৰু তেওঁলোকৰ জ্ঞানত আউল ৰৈ নাযায়। গতিকে ছাত্ৰ-ছাত্ৰীসকলৰ সু-পাঠন আৰু জ্ঞানৰ বিকাশৰ বাবে এক সুন্দৰ শৃংখলৰ সৃষ্টি কৰা হৈছে।

জ্ঞানস্ৰোতে বহুসংখ্যক শিক্ষা সংস্থানৰ পাঠ্যক্ৰম/পাঠ্যতালিকাৰ অনুসৰণ কৰে। উদাহৰণস্বৰূপে, এটা বিষয়ৰ এটা নিৰ্দিষ্ট বিষয়বস্তু ছাত্ৰ-ছাত্ৰীসকলে প্ৰথম গোট পৰীক্ষাৰ আগত সম্পূৰ্ণ কৰিব লাগিব। বিদ্যালয় পাঠ্যক্ৰমৰ সূচীৰ দৰে এই শৃংখলাবদ্ধ বিভাজনে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ শিক্ষাদানৰ লগত সু-সংহতি তথা সমন্বয় বজাই ৰখাত পদ্ধতিগতভাৱে সহায় কৰে। জ্ঞানস্ৰোতে এই কথা সুনিশ্চিত কৰে।

জ্ঞানস্ৰোতে বৰ্তমান প্ৰচলিত শিক্ষা ব্যৱস্থাৰ লগত সহাৱস্থান কৰি ইয়াৰ উৎকৰ্ষৰ বাবে প্ৰয়াস কৰে।

Gyansotra Entrances

জ্ঞানস্ৰোতে NEET আকাংক্ষীসকলৰ বাবে Gyansrota Entrances নামেৰে দ্বিতীয়টো এপ মুকলি কৰিছে, এই এপটো গুগল প্লে ষ্ট’ৰত বিনামূলীয়াকৈ ডাউনলোড কৰিবলৈ উপলব্ধ। জ্ঞানস্ৰোতই এপটোত দিয়া বিষয়বস্তুৰ সহায়ত সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীসকলক NEET পৰীক্ষাত সফলতা লাভ কৰাত সহায় কৰিব বুলি আত্মবিশ্বাসী। এই Gyansrota Entrances app এ পৰীক্ষাৰ্থীসকলক NEET পৰীক্ষাৰ প্ৰস্তুতিত সহায় কৰাই নহয়, তেওঁলোকৰ পাঠ্যক্ৰমৰ সামগ্ৰীৰ প্ৰতিটো খণ্ডৰ বিষয়েও তেওঁলোকৰ পুংখানুপুংখ জ্ঞান বৃদ্ধি কৰিব।

Gyansrota Entrances App ত টিউটৰিয়েল ভিডিঅ' ক্লাছ, MCQ, মক টেষ্ট, ই-বুক আদিৰ বৈশিষ্ট্য আছে।

টিউটৰিয়েল ভিডিঅ' ক্লাছসমূহক পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, আৰু জীৱবিজ্ঞানত পৃথক কৰা হৈছে। বৰ্তমান আমাৰ বিশেষজ্ঞ শিক্ষক সকলে যোৱা ১০ বছৰত অৰ্থাৎ ২০১১ চনৰ পৰা ২০২০ চনলৈকে প্ৰশ্নকাকত সমাধান আৰু ব্যাখ্যা কৰিছে।

MCQ শিতানত ছাত্ৰ-ছাত্ৰীসকলে যিকোনো প্ৰশ্নকাকত যিমান বিচাৰে সিমানবাৰ চেষ্টা কৰিব পাৰে। তৎক্ষণাত ফলাফল প্ৰদৰ্শনে তেওঁলোকৰ অগ্ৰগতি মূল্যায়ন কৰাত সহায় কৰিব। ২০১১ চনৰ পৰা ২০২০ চনলৈকে প্ৰশ্নকাকতৰ পৰা আৰম্ভ হোৱা এই এপটোৱে অতি সোনকালে যোৱা ৩৫ বছৰৰ প্ৰশ্ন সংযোজন কৰিবলৈ ওলাইছে।

তালিকাখনৰ আন এটা বৈশিষ্ট্য হ’ল মক টেষ্ট য’ত প্ৰাৰ্থীসকলে NEET পৰীক্ষাৰ বাবে মক টেষ্টত উপস্থিত থাকিব পাৰে। প্ৰাৰ্থীসকলে তেওঁলোকৰ উপলব্ধ সময় আৰু পছন্দৰ প্ৰশ্ন অনুসৰি নিজৰ মক টেষ্টসমূহ কাষ্টমাইজ কৰিব পাৰে। সকলো মক টেষ্টৰ ফলাফল ৰেকৰ্ড কৰা হ’ব আৰু পিছত আত্মমূল্যায়নৰ বাবে চাব পাৰিব।

ePUB3 ফৰ্মেটত অধ্যয়ন সামগ্ৰী Gyansrota Entrances এপৰ সৈতে প্ৰদান কৰা হৈছে। বৰ্তমান পৰিভাষা, পদাৰ্থ বিজ্ঞান ৰসায়ন, আৰু জীৱবিজ্ঞানৰ সংজ্ঞা উপলব্ধ আৰু জ্ঞানস্ৰোত নীটে অতিৰিক্ত বিষয়বস্তুৰ সৈতে সাজু হৈছে যিবোৰ সময়ে সময়ে যোগ কৰা হ'ব।

Gyansrota Entrances এপে সম্পূৰ্ণ সমাধান প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে যাতে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ সপোন পূৰণৰ সুযোগ পায়...